আত্ম-বিশ্লেষণ : Self Analysis:
আত্ম-বিশ্লেষণ এটা খুব প্ৰয়োজনীয় আৰু ফলদায়ক কথা । আমি যদি 24 ঘণ্টাৰ ভিতৰত নিজৰ কাম কাজ চিন্তা ভাবনা বোৰ বিশ্লেষণ কৰাৰ কাৰণে এঘণ্টা সময় উলিয়াব পাৰোঁ তেতিয়াহ'লে আমাৰ কমকাজবোৰ আৰু লগতে আমাৰ জীৱনটো যথেষ্ট সফল আৰু উন্নত কৰিব পাৰোঁ । দিনটোত কি ভাল কৰিলোঁ, কি বেয়া কৰিলোঁ, কিমানখিনি কৰিব পাৰিলো কিমানখিনি নোৱাৰিলোঁ, নোৱাৰাখিনি কিয় নোৱাৰিলোঁ, কি কৰিলে পাৰিম, কিহত সময় খৰচ কৰিলো, কিমান সময় অবাবত নষ্ট কৰিলোঁ, কিমান সময়ত কিমানখিনি কাম কৰিব পৰিলো, কাৰ লগত কি ভাল কথা পতিলো কি বেয়া কথা পাতিলো, কি লাভ হোৱা বা মন ভাল লগা কথা পতিলো আৰু কি লাভ নোহোৱা বা আনে বেয়া পোৱা কথা পতিলোঁ ইত্যাদি কথাবোৰ যদি আমি বিচাৰ কৰি চাওঁ প্ৰতিদিনে, আমি নিজকে বহুত উন্নত কৰিব পাৰিম ।