Google Keep ৰ ব্যৱহাৰ :
আপোনাৰ বাৰু mobile storage full হৈ গৈছে নেকি ? আৰু photo video ৰাখিব space নোহোৱা হৈ গৈছে নেকি ? বা আপুনি ফটো উঠি খুব ভাল পায় আৰু ফটো উঠোতে উঠোতে mobile ৰ storage full হৈ যায়, সেইবোৰ delete কৰিবও মন নাযায়, নকৰিলেও আৰু ফটো উঠিবলৈ mobile ত space নাথাকে এনেকুৱা হৈছে নেকি ? আপুনি বিচাৰে নেকি যে আপোনাৰ mobile ৰ storage full নহওঁক, আপোনাৰ যেতিয়া ইচ্ছা, যিমান ইচ্ছা storage ৰ কাৰণে একো অসুবিধা নোহোৱাকৈ Photo উঠিব পাৰিব লাগে । যদি এনে হয়, আপোনাৰ বাবে এটা উপায় আছে । ইয়াৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰে Google ৰ "Keep" নামৰ mobile app টো । তাত আপোনাৰ photo বোৰ upload কৰি save কৰি ৰাখিব পাৰিব । তাৰ কাৰণে আপোনাৰ mobile ৰ storage খৰচ নহয় । এবাৰ "Keep" ত save কৰা ফটো খিনি mobile storage ৰ পৰা delete কৰি দিব পাৰে তেতিয়া mobile storage খালি হৈ যাব আৰু যেতিয়াই প্ৰয়োজন হয়, Google Keep application টোৰ পৰা আপুনি save কৰি ৰখা ফটোবোৰ চাব পাৰে, mobile gallery ত download কৰিব পাৰে বা Keep ৰ পৰা directly whatsapp, Facebook, instagram, twiter আদি যিকোনো app ৰ জৰিয়তে share ও কৰিব পাৰে । "Keep" app টো আপোনাৰ Gmail id ৰ লগত link থাকে আৰু মুঠ 15GB Storage আপুনি ব্যৱহাৰ কৰিব পাৰে । 15GB তকৈও বেছি storage ৰ প্ৰয়োজন হ'লে আৰু এটা Gmail id খুলি ল'ব পাৰে । ইয়াৰ উপৰিও "Keep" আৰু বহুতো আন আন সুবিধা আছে । এই app টো আপুনি Desktop computer বা laptop ত ও ব্যৱহাৰ কৰিব পাৰে আৰু mobile ৰে save কৰা photo বোৰ comouter ত ও access কৰিব পাৰে । আটাইতকৈ ভাল কথাটো হ'ল যে "Keep" app টো ব্যৱহাৰ কৰিবলৈও খুবেই সহজ ।
No comments:
Post a Comment