Sunday, October 3, 2021

Bank Loan ৰ বাবে Eligible হ'ব কেনেকৈ ?

: Bank Loan ৰ বাবে Eligible হ'ব কেনেকৈ ? :

বেংক loan ৰ বাবে Eligible হ'বলৈ বহুকেইটা criteria থাকে । যেনে:


১) আপোনাৰ cibil record ভাল হোৱাটো প্ৰয়োজনীয় । আগত লোৱা সৰু ডাঙৰ loan ৰ কিস্তী সময়মতে পৰিশোধ হ'লে cibil ভাল থাকে । এইক্ষেত্ৰত আগতে কোনো loan লোৱা নাথাকিলে যে cibil strong থাকিব তেনে নহয় । বৰঞ্চ একেবাৰে loan নোলোৱাতকৈ loan লৈ সময়মতে পৰিশোধ কৰা history থকা ব্যক্তিৰ cibil strong হয় । আৰু কম সময়ত বহুত কেইটা loan চলি থকা মানুহৰ cibil কিছু ক্ষেত্ৰত week হয় । বেছি দীঘলীয়া পুৰণা loan বেছি দিন ধৰি সময়মতে পৰিশোধ হৈ থকা ব্যক্তিৰ cibil strong হয় ।


২) আপোনাৰ একাউণ্টৰ লগত যদি আগতে লোৱা সৰু সুৰা কোনো loan যেনে Two Wheeler Loan, Refrigerator, TV, AC আদিৰ EMI link আছে তেতিয়াহ'লে সেইবোৰৰ monthly payment সময়মতে হোৱা record থকা উচিত । কোনো loan বা Investment ৰ মাহিলী কিষ্টী bounce নোহোৱাকৈ regularly একাউণ্টৰ পৰা debit হ'ব পৰাকৈ sufficient balance থকা উচিত ।


৩) আপোনাৰ একাউণ্টৰ পৰা অনলাইন transaction হৈ থাকিলে loan ৰ eligibility বাঢ়ে । তাৰ বাবে সকলো ধৰণৰ bill যেনে আপোনাৰ ঘৰৰ Electricity bill, mobile bill, tv recharge, mobile recharge, lic premium আদিবোৰ দীৰ্ঘদিন ধৰি একাউণ্টৰ পৰা অনলাইন payment কৰক । তাৰোপৰি কাৰোবালৈ টকা পঠিওৱা, কিবা বস্তু কিনা আদিত ও যিমান পাৰে অনলাইন payment কৰক । এইক্ষেত্ৰত আপোনাৰ একাউণ্টৰ পৰা যিমান বেছি লেনদেন হ'ব সিমানে ভাল ।


৪) আপোনাৰ একাউণ্টত সকলো সময়তে minimum আৰু average কিমান balance ব্যৱহাৰ নকৰাকৈ জমা থাকে সেইটোও বেংকে লক্ষ্য কৰে । এই balance ৰ পৰিমাণ যিমান বেছি হয় সিমানে ভাল হয় loan ৰ বাবে Eligible হোৱাৰ ক্ষেত্ৰত ।


৫) আপোনাৰ একাউণ্টত প্ৰতিমাহে কিমান টকা উপাৰ্জনৰ টকা হিচাপে জমা হয় সেইটোও বেংকে লক্ষ্য কৰে । এই ক্ষেত্ৰত salary ২০,০০০ - ২৫,০০০ ৰ ওপৰত হ'লেহে loan ৰ ক্ষেত্ৰত কিছু কামত আহিব । তাৰ তলত হ'লে কেৱল Two Wheeler Loan, Refrigerator, AC আদি installment ত লোৱা loan ৰ বাবেহে eligibile হ'ব । 


৬) আপোনাৰ মাহিলী উপাৰ্জনটো এনেকুৱা হ'ব লাগিব যে তাৰ পৰা আপোনাৰ অত্যাৱশ্যকীয় খৰচ কৰাৰ পিছতো আপুনি ল'ব বিচৰা loan ৰ installment দিব পৰাকৈ monthly installmentor ৰ পৰিমাণৰ টকা বা উপাৰ্জনৰ ২০% টকা (যিটোৰ পৰিমাণ বেছি হয়) আপোনাৰ হাতত বা একাউণ্টত থাকে । মানে আপোনাৰ উপাৰ্জনৰ টকাৰে মাহটোৰ সকলো প্ৰয়োজনীয় খৰচ কৰিও কোনো অসুবিধা নোহোৱাকৈ  loan ৰ কিষ্টি পৰিশোধ কৰিব পৰা যোগ্যতা থাকিব লাগিব । 


৭) আগতে যদি আন কাৰোবাৰ হৈ loan ৰ guarantor হৈছিল আৰু তেওঁ যদি loan ঠিকমতে পৰিশোধ কৰিব পৰা নাই তেওঁৰ loan ৰ negative impact আপোনাৰ তাত পৰিব আৰু আপুনি ভৱিষ্যতে loan ৰ বাবে ineligible হ'ব । গতিকে loan পৰিশোধ কৰিব নোৱাৰা মানুহৰ loan ৰ guarantor কেতিয়াও নহ'ব । সেইটো কথা সাধাৰণতে কিছুমান মানুহৰ ক্ষেত্ৰত আগতে গম পোৱা নাযাব পাৰে যে তেওঁ সময়মতে loan পৰিশোধ কৰিব পাৰিব নে নোৱাৰিব, গতিকে পৰাপক্ষত কাৰো loan ৰ guarantor নোহোৱাটোৱেই ভাল ।