Monday, September 20, 2021

Youtubeৰ Videoৰ বাবে content ক'ৰ পৰা কেনেকৈ পাব ??

: ইউটিউব ৰ বাবে content ক'ৰ পৰা কেনেকৈ পাব ? :

আপুনি যদি ইউটিউব video বনায় আৰু প্ৰতিদিনে নতুন নতুন video বনাই থাকিবলৈ যদি content ৰ idea মনলৈ অহা নাই তেতিয়া কি কৰিব ? ক'ৰ পৰা কেনেকৈ পাব content ৰ concept ? চিন্তাৰ কাৰণ নাই । তাৰ ও উপায় আছে । তাৰ বাবে আপুনি কিতাপ পঢ়িব লাগিব । আপোনাৰ পছন্দ অনুযায়ী মনোগ্ৰাহী বিষয় পঢ়িব পাৰে । কিতাপ পঢ়াৰ কথা জানি যদি আমনি পাইছে তেতিয়াও চিন্তাৰ কাৰণ নাই । আজিকালি ebook, audio-book, video-book ও যথেষ্ঠ পৰিমাণে উপলব্ধ হৈছে  তাকো বিনামূল্যে । তাৰোপৰি এই audio বা video book শুনিবলৈ বা চাবলৈ এখন কিতাপ পঢ়াৰ সমান সময় ও নালাগে । কাৰণ একোখন কিতাপৰ সাৰাংশ বনাই audio/video book বোৰ বনোৱা হয় । ১৫ মিনিট, আধা ঘণ্টা বা খুব বেছি এঘণ্টাতে একোখন কিতাপ শুনি বা চাই শেষ কৰিব পাৰি । কিন্তু এই কিতাপবোৰ আপোনাৰ video বনোৱা কামত লগাবলৈ এটা discipline maintain কৰিব লাগিব । আপুনি কোনখন কোনখন কিতাপ পঢ়িব, কোনখনৰ পিছত কোনখন পঢ়িব বা কেতি়য়া কোনখন কিতাপ পঢ়িব; আপোনাৰ ৰুচি অনুযায়ী তাৰ এখন List বনাই ল'ব লাগিব audio/video book library ৰ পৰা কিতাপৰ নামবোৰ বাছনি কৰি কৰি । তাৰ পিছত প্ৰতিখন কিতাপ পঢ়োঁতে বা পঢ়া শেষ কৰাৰ পিছত তাৰ পৰা কি কি কথা শিকিলে বা কি কি কথাই আপোনাৰ মন চুই গ'ল তাৰ একোটা Note (টোকা) লিখি যাওঁক । তেনেদৰে কিতাপবোৰ  পঢ়ি বা শুনি বা চাই থাকোঁতে কিতাপৰ বাহিৰৰো কিছুমান ভাৱ মনলৈ আহিব পাৰে । যিমান যি ভাৱ মনলৈ আহিব ধৰে, যিমানবোৰ লিপিবদ্ধ কৰিব পাৰে আৰু কামত আহিব পাৰে যেন অনুভৱ কৰে গোটেইবোৰ লিখি যাওঁক । পিছত তাৰ মাজৰ পৰা পছন্দৰ paragraph বোৰ অলপ সজাই পৰাই দিলেই আপোনাৰ ইউটিউব বা ব্লগৰ বাবে খুব উপযোগী content হৈ পৰিব । আপুনিও কৰি চাওঁক আৰু মতামত জনাওঁক ।


Saturday, September 18, 2021

Importance of Monitoring || #Shorts My Thoughts

Success ৰ কাৰণে important steps কেইটাৰ ভিতৰত প্ৰথমটো হৈছে Target (Goal) Set কৰা, আৰু দ্বিতীয়টো হৈছে Action লোৱা, অৰ্থাৎ লক্ষ্যৰ দিশত আগবাঢ়া । কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান ভুল action লোৱা হয় যিয়ে আমাক লক্ষৰ দিশৰ পৰিবৰ্তে ভুল ৰাস্তাত ও লৈ যায় । তাৰ বাবে প্ৰয়োজন monitor কৰা । আমি লোৱা action বোৰ সঠিক হৈছে নে ভুল হৈছে সময়ে সময়ে সেয়া monitor কৰাৰ প্ৰয়োজন । আৰু এই Monitoring হৈছে success ৰ ক্ষেত্ৰত তৃতীয়টো step. আমি প্ৰতিদিনে লক্ষৰ দিশত কিমানখিনি আগবাঢ়িছো, কিবা কৰিছো নে নাই দিনটোত লক্ষ্যৰ বাবে, কৰিছো যদি কিমানখিনি কৰিছো, কম কৰিছো নে বেছি কৰিছো, কৰাখিনি যথেষ্ট নে লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত, সিমানখিনি কৰিলে কিমান দিনত লক্ষ্য প্ৰাপ্তি হব ইত্যাদি কথাবোৰ প্ৰতিদিনে পৰিমাপ কৰিব লাগিব ।


Thursday, September 2, 2021

সময়ৰ হিচাপ : Measure of Time


: সময়ৰ হিচাপ :

আমি অতিবাহিত কৰা সময়ৰ প্ৰতিটো ক্ষণ বা পল সময়ৰ প্ৰকৃত হিচাপ নহয় । সেই সময়খিনিত কৰা কামৰ পৰিমাণেই হৈছে সেই সময় খিনিৰ প্ৰকৃত হিচাপ । ছেকেণ্ড, মিনিট, ঘণ্টা আদিৰে কৰা সময়ৰ গণনবোৰ প্ৰকৃতাৰ্থত আমাৰ কৃতকাৰ্যতাৰ ক্ষেত্ৰত সময়ৰ হিচাপ বুলি ক'ব নোৱাৰি । আমি চাব লাগে পাৰ কৰা কিমান সময়ৰ ভিতৰত আমি কিমানখিনি কাম সম্পূৰ্ণ কৰিব পাৰিছো । সেয়েহে এক ছেকেণ্ড সময়ো আমি আবাবত নষ্ট কৰিব নালাগে ।


Wednesday, September 1, 2021

দিনলিপি | Diary


দিনলিপি লিখা এটা ভাল অভ্যাস । বৰ্তমান আমি সকলোৱে খুব ব্যস্ত বাবে দিনলিপি লিখা কামটো সময় খৰচী বুলি অৱজ্ঞা কৰিবলৈ বাধ্য হওঁ । তাৰ ভিতৰত দুই এজনৰ হয়টো এই অভ্যাসটো আছে । কিন্তু ই বহুত কামৰ বস্তু । এই অভ্যাসৰ দ্বাৰা আমি কৰা কামবোৰ পৰ্যালোচনা কৰিব পাৰো, আমি কৰি থকা ভুলবোৰৰ উপলব্ধি কৰি নিজক ভাল দিশত আগুৱাই লৈ যোৱাৰ সজাগতা অনুধাৱন কৰিব পাৰো, সময়ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ক্ৰমান্নয়ে দক্ষতা  বৃদ্ধি কৰিব পাৰোঁ, আৰু বহুতো দৰকাৰী তথ্য সংৰক্ষণ কৰিব পাৰোঁ । ই আমাৰ গতিপথ সলনি কৰাই উন্নতিৰ পথ মুকলি কৰি দিব পাৰে ।