Sunday, May 23, 2021

Prediction (পূৰ্বানুমান)

যোৱা কেইটামান বছৰত সেই সময়ৰ পৰিস্থিতিবোৰ দেখি  সেইবোৰৰ ভিত্তিত মনত ধাৰণা হৈছিল আহি থকা দিনবোৰত হোৱাৰ সম্ভাৱনা থকা কেইটামান বিশেষ পৰিবৰ্তন ।

তাৰ ভিতৰত প্ৰথমটো আছিল গুৱাহাটীত Delux Express (Delux city bus service) চলা সময়ৰ কথা । সেই সময়ত চিটি বাছ বোৰ একেটা ষ্টপেজতে বহুত সময় ৰৈছিল বাবে এটা স্থানৰ পৰা আন এটা স্থানলৈ যাওঁতে যথেষ্ট সময় লাগিছিল আৰু যাত্ৰীবোৰ বিৰক্ত হৈছিল আৰু কোনোবা যাত্ৰীৰ কোনো জৰুৰী কাম থাকিলে দেৰি হৈ গৈছিল । সেয়ে তাৰ সমাধান হিচাপে delux bus ওলাল । Delux bus বোৰ ষ্টপেজত বেছি সময় নৰৈছিল আৰু কিছুমান সৰু ষ্টপেজততো নৰখাইছিলেই । তাৰোপৰি চিটি বাছতকৈ speed ত গৈছিল delux bus বোৰ । তাৰ কাৰণে ভাৰাও অলপ বেছিকৈ লৈছিল চিটি বাছৰ তুলনাত । কিন্তু তেতিয়াও এটা সমস্যা আছিল । Dulux bus বোৰ size ত city bus ৰ দৰে একেই আছিল কাৰণে ৰাস্তাত বেছি যানজঁট থাকিলে সেই যানজঁট অতিক্ৰম কৰি যাব নোৱাৰিছিল । তেতিয়া মোৰ মনলৈ আহিছিল delux bus ৰ সলনি সৰু vehicle যদি হয় তেতিয়া হয়তো চিটি বাছতকৈ বহুত কম সময়ত গৈ পাব পাৰিব কাৰণ, সৰু vehicle হোৱা বাবে ঠাই কম লাগিব ৰাস্তাত আৰু যানজঁটত বাছতকৈ আগত ওলাই যাব পাৰিব l কিছুদিন পিছত চাগে বাস্তৱত এইটো হবগৈ । মানে Dulux bus ৰ ঠাইত সৰু vehicle হ'ব । সঁচাকৈ তাৰ কিছুদিন পিছত মানে দুই এবছৰ পিছত Delux ৰ ঠাইত traker আহিল ।

কিছুদিন traker চলাৰ পিছত দেখা গ'ল traker খন delux bus তকৈ অলপ হে সৰু মানে বহলটোৰ ক্ষেত্ৰত । গতিকে যানজঁট অতিক্ৰম কৰাত এইখনো বেছি এটা ফলপ্ৰসূ নহয় delux bus ৰ তুলনাত কিছু পৰিমাণে হয় যদিও । গতিকে সেই সময়ত মোৰ ধাৰণা হৈছিল next হয়তো তাতকৈও সৰু vehicle এখন চলা হ'ব traker ৰ ঠাইত চিটি বাছতকৈ কম সময়ত গন্তব্য স্থান গৈ পাবলৈ । Traker ত কৈ সৰু মানে ঠিক Maruti omni Van খনৰ সমান সৰু যাৰ mainly যাৰ বহলটো traker খনতকৈ কম হ'ব । তেনেতে তাৰ দুই এবছৰ পিছত দেখিলোঁ magic আহিল । 

ইয়াৰ পিছত মোৰ মনত ধাৰণা হৈছিল Magic খনতকৈও যদি কম বহল কিবা এখন ওলায়, তেতিয়া আৰু যানজঁট থাকিলেও আৰু কম সময়ত যাতায়ত কৰিব পৰা গলহঁতেনে চাগে । 
Magic তকৈও kom বহল হ'ব লাগে two wheeler khonor সমানেই বহল হ'ব লাগিব কেৱল তাত ওপৰৰ ফালে shed আৰু দুয়োকাষে ঘেৰ থাকিব door ৰ । অৱশ্যে সেইখনৰ দীঘল টো অলপ বেছি হব । এটা শাৰীত এজনকৈ যাত্ৰী বহিব পাৰিব আৰু তাত ৪ তা বা ৫ তা শাৰী থাকিব driver ক বাদ দি । সেই vehicle খনৰ বহুতটো যিহেতু কম হ'ব  গতিকে দীঘল টো ৪ - ৫  জন মানুহ বহিব পৰা নহ'লে চালক বা গৰাকীৰ বিশেষ আয় নহ'ব । এইখন vehicle এতিয়ালৈ অহা নাই যদিও এদিন নহয় এদিন আহিব পাৰে বুলি মোৰ ধাৰণা ।

ইয়াৰ বাহিৰেও uber cab আৰু magic share taxi ওলোৱাৰ পিছত আৰু এটা কথা মোৰ মনলৈ আহিছিল ।  সেইটো হ'ল uber cab বা magic share taxi তুলনাত two wheeler ত গ'লে যানজঁটৰ মাজেৰেও সোনকালে গৈ পাব পাৰি । তাৰোপৰি magic ৰ কথা বাদ দি uber cab ত যদি এজন মানুহ যাবলগীয়া হয়, তেতিয়া বহুত expensive হয় । গতিকে two wheeler হোৱা হ'লে কিজানি এজন যাত্ৰীৰ বাবে economic হ'লহেঁতেন । তাৰোপৰি two wheeler বহুত মানুহৰে আছে । এই মানুহবোৰৰ two wheeler বোৰ ব্যৱহাৰ কৰি যদি সেই যাত্ৰীবোৰৰ যাতায়তত সহায় কৰিব পৰা গলহঁতেন কিমান যে সুবিধা হ'লহেঁতেন । এফালে যাত্ৰীসকলে কম সময়ত যাত্ৰা কৰিব পাৰিলেহেঁতেন আৰু সেয়াও uber cab ৰ তুলনাত econmic ভাৰাৰ বিনিময়ত কৰিব পাৰিলেহেঁতেন । মুঠতে bike cab বা bike taxi ৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে অনুভৱ কৰা হৈছিল । সৌভাগ্য যে কিছুদিন পিছতে আমি সেই সুবিধাও লাভ কৰিবলৈ সক্ষম হ'লো । Rapido, Ola, Uber আৰু কেইটামান company ৰ bike cab সেৱা উপলব্ধ হ'ল ।

এইবাৰ আহো এইবোৰতকৈও এটা interesting কথালৈ । বৰ্তমান two wheeler এ কওঁক বা four wheeler এ কওঁক, মানুহৰ vehicle ৰ সংখ্যা ইমানেই হৈছে যে এনেকৈ বাঢ়ি গৈ থাকিলে এটা সময়ত ৰাস্তাত চলাবলৈ ঠাই নোহোৱা হ'ব, আৰু তেতিয়া এনেকুৱা এটা সময় আহিব পাৰে আৰু সমস্যাটোৰ সমাধান হিচাপে flying vehicle হ'ব সকলোৰে ঘৰে ঘৰে । এতিয়াৰ two wheeler ৰ দৰে সৰু সৰু ব্যক্তিগত flying vehicle  হব এজন বা দুুজন মানুহ যাব পৰাকৈ । মোৰ বিশ্বাস, কিছু বছৰ পিছত এইটো হোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত ।

Friday, May 7, 2021

পোহৰ বিচাৰি যাওঁ

অসমীয়া ভাষাত ৱেবচাইট দেখিলে কিবা এটা বিশেষ ভাৱে ভাল লাগি যায় । 
www.puhorbisarijau.in ৱেবচাইটটোত ফকৰা যোজনা শিতানটো দেখি এটা কথা মনত পৰি গ'ল । Class-viii ত আছিলোঁ তেতিয়া । Madam এ class ত সকলো ছাত্ৰ ছাত্ৰীকে "এশ গৰু মাৰিলে বাঘৰো মৰণ" ফকৰা যোজনাটোৰ ভাৱ লিখিব দিছিল । লিখাৰ আগতে "ৰচনা বিচিত্ৰা" কিতাপ খনত এবাৰ পঢ়ি বুজি লৈ নিজৰ মতে লিখিব কৈছিল । সিদিনা মই সেইখন কিতাপ মই নিয়া নাছিলোঁ স্কুলত । লগৰ কেটামানৰ পৰা চাব খোজতে দিয়া নাছিল মোক চাব আৰু ধেমালি কৰি আছিল । খঙত কাৰো কিতাপ নলৈ নিজে ভাবি ভাবি লিখিলোঁ । লিখি madam ক দেখুৱাত সকলোৱে শুনাকৈ কৈছিল যে মোৰ লিখাটো class ৰ সকলোতকৈ ভাল হৈছে । আৰু বেলেগ বোৰে নিজৰ মতে লিখিব পৰা নাছিল । কিতাপৰ দৰে হৈছিল প্ৰায় । মোক কিতাপ চাব নিদিয়া লগৰ কেইটাই ও প্ৰশংসা কৰিছিল তেতিয়া মোক । বহুত ভাল লাগিছিল ।

সেইটো লিখোঁতে মই তাৰ ইমান ভিতৰত সোমাই গৈছিলো যে তেতিয়া উপলব্ধি কৰিছিলোঁ, এই ফকৰা যোজনা বোৰ এটা এটা সাধুৰ দৰে বৰ্ণনা কৰি যদি লিখিব পাৰি তাৰ দ্বাৰা মানুহক খুব ধুনীয়া একোটা মেচেজ দিব পাৰি ।