আমি অভিজ্ঞতাৰ পৰা বহুত কথা শিকো । এই অভিজ্ঞতাবোৰ লাভ কৰোঁতে ইতিমধ্যে আমি কিছুমান পৰিস্থিতি পাৰ কৰি আহিব লগা হয় । আৰু সেই পৰিস্থিতিৰ মুখা-মুখি হৈ তাৰ লগত যুঁজি থাকোঁতে আমাৰ বহুতো মূল্যবান সময় পাৰ হৈ যায় । মুঠৰ ওপৰত নানা ঘাট-প্ৰতিঘাত, বাধা-বিপত্তি পাৰ কৰি বহু সময় খৰচ কৰি আমি একো-একোটা অভিজ্ঞতা লাভ কৰোঁ । এনেবোৰ পৰিস্থিতি বা সমস্যা কেৱল আমাৰ জীৱনতে অহা নাই, আমাতকৈও আগতে বহুতৰে জীৱনতো আহিছে । আৰু তাৰ ভিতৰৰ কিছুমানে তেওঁলোকৰ সেই সমস্যাবোৰ আৰু তাৰ বাবে তেওঁলোকে অৱলম্বন কৰা উপায়বোৰ আৰু সেইবোৰৰ পৰা লাভ কৰা অভিজ্ঞতাবোৰ লিখি থৈ গৈছে তেওঁলোকৰ কিছুমান কিতাপৰ মাধ্যমেৰে । গতিকে তেওঁলোকে লিখি থৈ যোৱা সেই কিতাপবোৰ পঢ়িয়েই আমি তেওঁলোকে সন্মুখীন হোৱা ঘাট-প্ৰতিঘাতবোৰ আৰু তাৰ সমাধনবোৰৰ বিষয়ে জানিব পাৰি আমি নিজে অভিজ্ঞতা হ'বলৈ লগা সময়খিনি খৰচ নকৰাকৈয়ে । আৰু এনেদৰে আনৰ ভুলৰ পৰা পোৱা অভিজ্ঞতা লৈ নিজৰ জীৱনটোৰ বহুমূলীয়া সময় বচাই (নিজে ভুল কৰি শিকালৈ লগা সময়) সফল হোৱাৰ উন্নতি কৰাত যথেষ্ট সহায়ক হয় । কাৰণ এটা জীৱনৰ সময় যথেষ্ট নহয় । বহুত কম সেই সময় কৰিবলগীয়াবোৰ জীৱনত কৰিবলৈ । এয়াই হ'ল কিতাপৰ পৰা পাব পৰা লাভালাভ । গতিকে আমি যিমান পাৰোঁ সিমান বেছি কিতাপ পঢ়াৰ প্ৰয়োজন ।
No comments:
Post a Comment