Tuesday, August 31, 2021

আত্ম বিশ্লেষণ : Self Analysis


https://youtu.be/Q2AOso7RPvc

আত্ম-বিশ্লেষণ : Self Analysis:

আত্ম-বিশ্লেষণ এটা খুব প্ৰয়োজনীয় আৰু ফলদায়ক কথা । আমি যদি 24 ঘণ্টাৰ ভিতৰত নিজৰ কাম কাজ চিন্তা ভাবনা বোৰ বিশ্লেষণ কৰাৰ কাৰণে এঘণ্টা সময় উলিয়াব পাৰোঁ তেতিয়াহ'লে আমাৰ কমকাজবোৰ আৰু লগতে আমাৰ জীৱনটো যথেষ্ট সফল আৰু উন্নত কৰিব পাৰোঁ । দিনটোত কি ভাল কৰিলোঁ, কি বেয়া কৰিলোঁ, কিমানখিনি কৰিব পাৰিলো কিমানখিনি নোৱাৰিলোঁ, নোৱাৰাখিনি  কিয় নোৱাৰিলোঁ, কি কৰিলে পাৰিম, কিহত সময় খৰচ কৰিলো, কিমান সময় অবাবত নষ্ট কৰিলোঁ, কিমান সময়ত কিমানখিনি কাম কৰিব পৰিলো, কাৰ লগত কি ভাল কথা পতিলো কি বেয়া কথা পাতিলো, কি লাভ হোৱা বা মন ভাল লগা কথা পতিলো আৰু কি লাভ নোহোৱা বা আনে বেয়া পোৱা কথা পতিলোঁ ইত্যাদি কথাবোৰ যদি আমি বিচাৰ কৰি চাওঁ প্ৰতিদিনে, আমি নিজকে বহুত উন্নত কৰিব পাৰিম ।


Monday, August 30, 2021

কেনেকৈ জুৰিব আপোনাৰ খৰচ আৰু সঞ্চয় : How will it meet your Expense & Savings

: কেনেকৈ জুৰিব আপোনাৰ খৰচ আৰু সঞ্চয়? :

আপুনি বাৰু পইচা সাঁচিব পৰা নাই নেকি ? আপোনাৰ উপাৰ্জনৰ টকাৰে মাহটো নোজোৰে নেকি? আপোনাৰ উপাৰ্জনৰ পৰা সাচিবলৈ পইচা নাবচেই নেকি ? আপোনাৰ খৰচ কমাব পৰা নাই নেকি ? এইবোৰ সমস্যা আপুনি দুৰ কৰিব বিচাৰে কিন্তু সহজ উপায় পোৱা নাই, নহয় জানো? ইন্টাৰনেটত, ইউটিউবত, ফেচবুকত বহুতো উপায় পাইছে যদিও আপোনাৰ লগত খাপ খোৱা নাই বা জটিল পাইছে সেইবোৰ কাৰ্য্যকৰী কৰিবলৈ । উপায় আছে, আৰু আটাইতকৈ সহজ ও । মাত্ৰ এটা কাম কৰক আপুনি । প্ৰতিদিনৰ খৰছবোৰ আপুনি প্ৰতিদিনে কৰবাত লিখি যাওঁক আপোনাৰ সুবিধা অনুযায়ী । লিখাৰ পিছত মাজে সময়ে সেইবোৰত চকু ফুৰাওক । ইয়ে আপোনাৰ সকলো পথ দেখুৱাব খৰচ কমোৱাৰ ক্ষেত্ৰত, সঞ্চয় কৰাৰ ক্ষেত্ৰত লগতে আপোনাক সজাগ কৰি তুলিব বিত্ত পৰিচালনাৰ ক্ষেত্ৰত আৰু এখোজ দুখোজকৈ উন্নত কৰি তুলিব আপোনাৰ বিত্তীয় সিদ্ধান্ত আৰু বিত্তীয় পৰিচালনাৰ কৌশল আপুনি গম নোপোৱাকৈ ।


Sunday, August 29, 2021

আমি আনৰ ভুলৰ পৰাও শিকা উচিত : We should learn from someone's mistakes

 : আমি আনৰ ভুলৰ পৰাও শিকা উচিত :

আমি ভুল কৰি ভুল বুলি গম পোৱাৰ পিছত আমাৰ অনুশোচনা হয় আৰু উপলব্ধি হয় আৰু সেই ভুলৰ পৰা যি শিকোঁ সেয়াই আমাৰ অভিজ্ঞতা । কিন্তু, সেই অভিজ্ঞতা হ'বলৈ আমাৰ যথেষ্ট সময় লাগি যায় সেই ভুলটো বুজি উঠালৈ আৰু উপলব্ধি হোৱালৈ । কেতিয়াবা সেই ভুলৰ পৰিণতি হিচাপে বহুত ডাঙৰ লোকচান বা ক্ষতি ও হয় আৰু তাৰ পিছতহে আমাৰ সেই ভূলৰ শিক্ষা বা অভিজ্ঞতা হয় । কিন্তু, সেই ভুলটো যদি আন কোনোবাই কৰিলেহেঁতেন, তেতিয়া সেইটো উপলব্ধি কৰিবলৈ আমাৰ সেই ভুলটো কৰাজনৰ সমান সময় নষ্ট নহ'লহেঁতেন আৰু তেওঁ কৰা লোকচান বা ক্ষতি আমাৰ নহ'লহঁতেন । গতিকে এইটো ক'ব পাৰি যে আনৰ ভুলৰ পৰা শিক্ষা ল'লে আমাৰ ক্ষয় ক্ষতিৰ সম্ভাৱনা নাথাকে যিটো আমি নিজে কৰা ভুলৰ ফলত হোৱাটো স্বাভাৱিক । সেয়ে আমি আনৰ ভুলৰ পৰা শিকা উচিত ।


Friday, August 27, 2021

চিন্তাধাৰা : Mentality


চিন্তাধাৰা :

আমি সকলো কথা কেৱল negatively ভাবিব নালাগে । কিয়নো, তেনে কৰিলে আমি কিছুমান opportunity miss কৰিব পাৰোঁ । আকৌ যিকোনো কথা অকল positively ও ভাবিব নালাগে । কাৰণ, তেনে কৰিলে আমাৰ কিবা নহয় কিবা লোকচানো হ'ব পাৰে বা বিপদতো পৰিব পাৰো । আৰু কোনো কথা nutrally ভাবি litely ও ল'ব নালাগে । তেনে কৰিলেও কেতিয়াবা আমাৰ অনুশোচনা হ'ব পাৰে কিয় litely লৈ অবহেলা কৰিছিলোঁ বুলি । গতিকে আমি কোনো এটা কথা positive, negative আৰু nutral এই তিনিও ধৰণে ভাবি তাৰ ভাল, বেয়া, লাভ, লোকচান, গুৰুত্ব আদি বিচাৰ কৰি চাই বিবেকেৰে সিদ্ধান্ত লোৱা উচিত ।


Thursday, August 26, 2021

সমস্যাৰ ভাল আৰু বেয়া দিশ : Positive & Negative Aspects of A Problem

https://youtu.be/S9lDuFK5-nw

: সমস্যাৰ ভাল আৰু বেয়া দিশ :

কটাৰী আমি ব্যৱহাৰ কৰো পাচলি আদি কিবা কিবি বস্তু কাটিবলৈ । কিন্তু, সেই কটাৰীখন কেতিয়াবা ধৰাত বেয়া হ'লে বা ভালদৰে কাতিব নাজানিলে আমাৰ হাত কাটে । ঠিক তেনেদৰে সমস্যা এটা চম্ভালি ল'ব জানিলে সি আমাক আগতকৈ আৰু বেছি শক্তিশালী কৰি তোলে,  আনহাতে সেই সমস্যাটোৰ পৰা আঁতৰি ফুৰিলে বা আওঁকান কৰিলে সিয়ে আমাক বিধ্বস্ত কৰি পেলাব পাৰে ।


Wednesday, August 25, 2021

সমস্যাই মানুহক শক্তিশালী কৰে : Problem makes man Strong #Shorts

https://youtu.be/dl2bsMcyvrY

: সমস্যাই মানুহক শক্তিশালী কৰে :

যিমানেই সমস্যাৰ মুখামুখি হ'ব সিমানেই শক্তিশালী হ'ব । সমস্যা এটাৰ পৰা আঁতৰি থকাৰ সলনি যদি আমি তাৰ মুখামুখি হওঁ, তেতিয়াহ'লে  সেই সমস্যাটোৰ প্ৰতি আমাৰ ভয় কমি যায় আৰু সমস্যাটো সমাধান কৰাৰ পিছত আমাৰ মনত সাহস আহে সেই সমস্যাটোৰ দৰে আন সমস্যা এটা মুখামুখি হোৱাৰ । এনেদৰে সাহসেৰে যিমানেই সমস্যাৰ মুখামুখি হৈ সমাধান কৰি যোৱা যাব সিমানেই শক্তিশালী হোৱা যায় আৰু এটা সময়ত কোনো সমস্যাৰ প্ৰতিয়েই মনত ভয়ভাব নাহিব । বৰঞ্চ অনায়াসে সংকল্প ল'ব পৰা যাব সমুখত থকা যিকোনো সমস্যাৰ সমাধান কৰিবলৈ আৰু কেনেদৰে সমাধান কৰিব পৰা যাব তাৰ কৌশল আৰু বুদ্ধিও মনলৈ আহিব ।

Saturday, August 21, 2021

Extra Earning #shorts

: Extra Earning :

Extra Earning ৰ আশাত যাৰ তাৰ যি টি কথাত ভুল নাযাব । আমি বহুতেই অনলাইন earning ৰ উপায় বিচাৰো আৰু ইণ্টাৰনেটত তেনেকুৱা কিবা উপায়ৰ কথা উল্লেখ কৰা ব্লগ, video আদি দেখিলে সেইবোৰ try কৰিব আৰম্ভ কৰো । তাৰে সকলোবোৰ genuine নহ'বও পাৰে যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ লোকচান হ'ব পাৰে । সেয়েহে সেইবোৰ আমি ভালদৰে চালি জাৰি চাই লোৱা দৰকাৰ । যিবোৰ ৱেবচাইট এ fraud কৰে সেইবোৰৰ কথাটো বাদেই ।কিন্তু, ক'ব বিচাৰিছোঁ যিসকলে সেই উপাৰ্জনৰ উপায় সমূহৰ সন্ধান দিয়ে ইউটিউব video, blog আদি বনাই,  তেওঁলোকেনো কিয় আমাক mislead কৰে ! এই ক্ষেত্ৰত আমি বুজিব লাগিব কিছুমানে নিজৰ ব্লগ বা video চলিবলৈ তাৰ দ্বাৰা নিজৰ income হ'বলৈ তেনেকুৱা content use কৰি ব্লগ, video আদি বনায় । কিছুমানে আকৌ সেইবোৰৰ ভাল বেয়া বা সত্যাসত্যতা নজনাকৈয়ে বনাই দিয়ে । গতিকে এনে বহু কাৰণ থাকিব পাৰে । যিয়েই নহওঁক আমি তাত এটা কথা বিচাৰ কৰি চাব লাগে, যি অনলাইন কামৰ বিনিময়ত আমি উপাৰ্জন কৰিম, তাৰ বাবে আমি যাৰ কাম কৰি দিম সেই ৱেবচাইট বা company ৰ কিবা লাভ হ'বনে নহয় ? যদি নহয় তেনেহলে আমাক কোনেও free তে টকা নিদিয়ে । এই কথা মনত ৰাখি সেই company বা ৱেবচাইট ৰ বিষয়ে নিজাকৈ research কৰি চাই হে আগবঢ়া উচিত । 


Saturday, August 14, 2021

ধাৰণা : Mindset #Shorts

https://youtu.be/jDJHK0zTf5s

: ধাৰণা :

সকলো সময়তে নিজৰ ধ্যান ধাৰণাকে শুদ্ধ বুলি ভাবি থকাটো উচিত নহয় । নিজৰ ধ্যান ধাৰণাক যুক্তিৰে বিচাৰ কৰি চোৱা উচিত । নিজক আনৰ ঠাইত ৰাখিও সেই ধ্যান ধাৰণা বিচাৰ কৰি চাব লাগে । কেতিয়াবা আনৰ মতামতৰ সত্যাসত্যতাঁ আৰু যুকিযুক্ততাও বিচাৰ কৰি নিজৰ ধ্যান ধাৰণাৰ লগত তুলনা কৰি চোৱা উচিত । নিজৰ ধাৰণা কেতিয়াবা ভুল ও হোৱাটো স্বাভাৱিক । গতিকে নিজৰ ধাৰণাই শুদ্ধ বুলি ভবাৰ বিপৰীতে  এনেদৰে ভবা উচিত যে নিজৰ ধাৰণাটো শুদ্ধও হ'ব পাৰে, ভুলো হ'ব পাৰে । সেয়া ভালদৰে বিচাৰ কৰি ভুল হলে শুধৰাই ল'ব লাগিব আৰু শুদ্ধ হ'লে তাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব । সেইবুলি সদায় নিজৰ ধাৰণাক ভুল বুলিও ভাবি থাকিব নালাগে । তেনে কৰিলে  হীনম্যতাত ভোগা হ'ব আৰু নিজৰ ওপৰত আত্মবিশ্বাস নাথাকিব।


Friday, August 13, 2021

সমস্যা মানেই সুযোগ

https://youtu.be/730SuESSg7M

: সমস্যা মানেই সুযোগ :

সমস্যা মানেই সুযোগ । প্ৰতিটো সমস্যাৰ আঁৰত কিবা এটা সুযোগ লুকাই থাকে । কিন্তু আমি সেই সুযোগটো চিনি নাপাওঁ বাবেই আমি সমস্যাটো সমস্যা হিচাপেহে দেখা পাওঁ আৰু তাৰ আঁৰত লুকাই থকা সুযোগটো দেখা নাপাওঁ । প্ৰতিটো সমস্যাৰ আঁৰত লুকাই থকা সুযোগবোৰ প্ৰত্যেকৰে বাবে বেলেগ বেলেগ হ'ব পাৰে । সুযোগবোৰৰ বাহিৰেও সমস্যাৰ আন কিছুমান সুফলো আছে । যেনে: সমস্যাই মানুহৰ সাহস বঢ়ায়, আত্মবিশ্বাস বঢ়ায়, দৃঢ় কৰি তোলে, মানসিক ভাবে আগতকৈ শক্তিশালী কৰি তোলে, অভিজ্ঞতাপুষ্ট কৰি তোলে, বুদ্ধিৰ সঞ্চাৰ কৰে যদিহে এটা সমস্যাৰ মুখা-মূ্খি হৈ সেইটো সমাধান কৰিবলৈ আগ বঢ়া যায় । এটা সমস্যাৰ মুখা-মুখি হোৱা মানে দ্বিতীয়বাৰৰ বাবে সেই সমস্যাটোৰ সমান ডাঙৰ বা জটিল সমস্যাৰ সহজেই সমাধান কৰিব পৰা যোগ্যতা অৰ্জন কৰা যায় । গতিকে এইটো ক'ব পাৰি যে যোগাত্মক দৃষ্টিৰে চালে সমস্যা আচলতে একো একোটা সুযোগহে । প্ৰতিটো সমস্যাই এক বা ততোধিক সুযোগ কঢ়িয়াই লৈ আহে । 


Thursday, August 12, 2021

How to be Happy : মানুহ কেনেকৈ সুখী হ'ব পাৰে #shorts

https://youtu.be/HJAxV4CYgPM

:মানুহ কেনেকৈ সুখী হ'ব পাৰে :

নোপোৱা খিনিৰ কথা নাভাবি পোৱা খিনিৰ আনন্দ অনুভৱ কৰিব লাগে । যিজনে আপোনাৰ সমান ও পোৱা নাই তেওঁৰ নোপোৱা খিনিৰ কথা ভাবি আপোনাৰ পোৱাখিনিৰ কথা মনত পেলালে সুখী অনুভৱ কৰিব । তাৰোপৰি আনৰ পৰা একো পোৱাৰ আশা কৰিব নালাগে, আৰু ভৰখা কৰিব নালাগে । তাৰ বিপৰীতে নিজৰ ওপৰত যঠেষ্ট আশা ৰাখিব লাগে । যি পাব বিচাৰিব নিজৰ যোগ্যতা আৰু যত্নৰ বলত পাব পৰা বস্তুহে পোৱাৰ আশা কৰিব, আনৰ জহত বা আনৰ অনুগ্ৰহত একোৱেই পাবলৈ চেষ্টা নকৰিব । কিয়নো তেনে আশা কৰাৰ পিছত বিছৰাখিনি পালে টো ভালেই, কিন্তু নাপালে আপুনি অসুখী হ'ব । আৰু সেয়া নোপোৱাৰ সম্ভাৱনাই বেছি, যিহেতু আপোনাৰ হাতত নাই । নিজৰ ওপৰত আস্থা ৰাখক, নিজৰ সামৰ্থ উন্নীত কৰক, পোৱাখিনিত সন্তুষ্ট হ'বলৈ অভ্যাস কৰক । লক্ষ্য উচ্চ ৰাখক, কিন্তু সেয়া সম্পূৰ্ণ নিজৰ আস্থাত ।


Tuesday, August 10, 2021

জটিল কামক কিদৰে সহজ কৰিব : How to make easier a tough work

https://youtu.be/Hf2sUuEZ_2Y
.

: জটিল কামক কিদৰে সহজ কৰিব :

কোনো এটা কাম কৰিবলৈ জটিল যেন লাগিলে তাক সৰু সৰু ভাগত ভাঙি ল'ব লাগে । উদাহৰণ স্বৰূপে আমি পঢ়ি অহা এলেহুৱা পুতেক তিনিটাক বুঢ়া দেউতাকে এবোজা বাঁহৰ কামি ভাঙিব দি যি একতাৰ শিক্ষা দিব বিচাৰিছিল সেই সাধুটোৰ কথাই ক'ব পাৰি । সাধুটো আছিল এনেকুৱা… বুঢ়া এজনৰ তিনিটা ল'ৰা আছিল, তিনিওটাৰ মাজত মিল নাছিল । এদিন বুঢ়াজনে এবোজা কামি ল'ৰা কেইটাৰ আগত ৰাখিলে আৰু এটা এটাকৈ তিনিওটা ল'ৰাক কামিৰ বোজাটো ভাঙিব দিলে । কোনোটোৱে সেই কাম কৰিব নোৱাৰিলে । তেতিয়া বুঢ়াই ল'ৰাকেইটাক বোজাটোৰ পৰা কামিবোৰ উলিয়াই এডাল এডাল কৈ ভাঙিব ক'লে ।  সেইমতে অলপ সময়ৰ ভিতৰত তিনিওটা পুতেকে এডাল এডালকৈ বোজাটোৰ কামিবোৰ উলিয়াই ভাঙি শেষ কৰিলে । ইয়াৰ দ্বাৰা বুঢ়াই পুতেকহঁতক বোজাটোৰ কামিবোৰৰ দৰে তিনিও ভায়েক ককায়েক একলগ হৈ থাকিলে যে কোনেও সিহঁতৰ একো ক্ষতি কৰিব নোৱাৰে তাৰে শিক্ষা দিছিল । কিন্তু, এই সাধুটোৰ পৰা আমি আৰু এটা শিক্ষা ল'ব পাৰোঁ । সেইটো হ'ল, বোজাটোৰ কামিবোৰ এডাল এডাল কৈ ভাগ ভাগ কৰি লওঁতে যিদৰে ভাঙিবলৈ সহজ হৈ পৰিল, ঠিক তেনেকৈ টান কামবোৰ আমি সৰু সৰু ভাগ কৰি ল'লে কৰিবলৈ সহজ হৈ পৰে ।